Job 6

ইয়োবৰ উত্তৰ

1তেতিয়া ইয়োবে উত্তৰ কৰি কলে, 2অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হলে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হলে, কেনে ভাল আছিল। 3কিয়নো সেয়ে হোৱা হলে, ই সমুদ্ৰৰ বালিত্কয়ো গধুৰ হলহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।

4কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস-সৈন্যসমুহে মোৰ বিৰুদ্ধে বেহু পাতিছে। 5বনৰীয়া গাধই ঘাঁ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়ায়? 6যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বিজত জানো আস্বাদ আছে?

7মোৰ প্ৰণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হল। 8অস, মোৰ নিবেদন সাম্ফল হোৱা হলে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয় দিয়া হলে, কেনে ভাল আছিল। 9অস, ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হলে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হলে, কেনে ভাল আছিল।

10সেয়ে হোৱা হলেও মই শান্তনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই। 11মোৰ বলনো কি, যে, মই অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, যে, মই সহি থাকিম?

12মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ? 13মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহল নে?

14নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহলে, কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব। 15মোৰ ভাইবিলাক পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাস-ঘাতক, বৈ শুকাই যোৱা জুৰিৰ লোৰৰ নিচিনা অবিশ্বাসী। 16সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়; 17কিন্তু জহকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু ঘামকালত নিজ ঠাইৰ পৰা নাইকীয়া হয়।

18সেইবোৰৰ কাষে কাষে যোৱা পতিকদলবোৰে বাট এৰি, উঠি গৈ অৰণ্যত সোমাই বিনষ্ট হয়। 19তোমাৰ পতিকদলবোৰ সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে; 20কিন্তু তেওঁবিলাক আশাত বঞ্চিত হয়, তেওঁবিলাক সেই ঠাইলৈ গৈ হতাশ হয়।

21কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা। 22মই জানো তোমালোকক কৈছিলোঁ, যে, মোক কিছু দিয়া, তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া, 23বা শত্ৰূৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা সত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?

24মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি তাক মোক বুজায় দিয়া। 25ন্যায় বাক্য কেনে বলৱান! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?

26নিৰাশ হোৱা লোকৰ বাক্য বায়ুতুল্য দেখিও, তোমালোককে কথাতেহে দোষ দিব খুজিছা নে? 27তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।

28এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ। 29মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্ম্মীকতা এতিয়াও থিৰে আছে। মোৰ জিবাত জানো অন্যায় আছে? মোৰ জিবাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?

30

Copyright information for AsmULB